মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ

সমূহীয়া অংশগ্ৰহণ

পানী যোগান আৰু স্বাস্থ্যবিধান খণ্ডত সংস্কাৰমূলক পদক্ষেপে ইয়াক অধিক সমূহীয়া সন্মত কৰি তুলিবলৈ দুয়োটা খণ্ডতে ক্ৰিয়াকলাপ আৰু তত্বাৱধানত, পূৰ্ণ হৃদয়েৰে জড়িতকৰণ আৰু মালিকীস্বত্ব অভিপ্ৰায়ী চূড়ান্ত ভূমিকাৰ বাবে সম্প্ৰদায়ক আহ্বান জনাইছে।

পানী খণ্ডত বহনক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি, অ’. আৰু এম. পদক্ষেপৰ সমৰ্থনৰ দিশে সংশ্লিষ্ট গাঁও পঞ্চায়তলৈ মালিকীস্বত্ব নিক্ষেপ কৰি, পানী যোগান ব্যৱস্থাৰ প্ৰয়োজনীয় তত্বাৱধানৰ নিৰ্দেশনাসমূহ গাঁও পঞ্চায়তসমূহত বিকেন্দ্ৰীভূত কৰাৰ প্ৰস্তাৱ লোৱা হৈছে।

ওপৰোক্ত পৃষ্ঠভূমিত বহনক্ষম পৰ্যায়ৰ সেৱাৰ স্বাৰ্থত গ্ৰামীণ পি.ডব্লিউ.এছ.এছ.ৰ কাৰ্যকলাপ আৰু তত্বাৱধানত সমাজক জড়িত কৰাৰ বাবে, জনস্বাস্থ্য কাৰিকৰী বিভাগ অসমৰ দ্বাৰা এক সংস্কাৰমূলক পদক্ষেপ প্ৰতিপালিত কৰা হৈছে। পি.ডব্লিউ.এছ.এছ.ৰ সম্প্ৰদায় ব্যৱস্থাপনা অধিক পথিকৃত্ কাম-কাজেই, বহুতো অঞ্চলত ইতিমধ্যে ঘূৰ্ণমান হব আৰম্ভ কৰিছে আৰু এনে ধৰণৰ প্ৰচেষ্টাসমূহে, পি.ডব্লিউ.এছ.এছ.ৰ মালিকীস্বত্ব আৰু দায়িত্ব সমূদায়ৰ হাতলৈ পৰিৱৰ্তন কৰিবলৈ সফল হৈছে। অতিৰিক্তভাৱে, কাৰ্যকলাপ আৰু তত্বাৱধানৰ পুনঃপ্ৰাপ্তিৰ বাবে ব্যয় আৰু পুনঃস্থাপন ব্যয়েও আংশিকভাৱেই হওক বা সম্পূৰ্ণভাৱে, আঁচনিসমূহৰ কাৰ্যকৰী অৰ্থনীতি আৰু বহনক্ষমতালৈ আগুৱাই নিছে। প্ৰত্যেকখন পি.ডব্লিউ.এছ.এছ.ৰ বাবে পানী ব্যৱহাৰকাৰীৰ সমিতি গঠন কৰি এই পদক্ষেপসমূহ সংস্থাগত কৰা হৈ আছে। স্বাস্থ্যবিধান খণ্ডত স্বচ্ছ ভাৰত অভিযান গ্ৰামীণে জনসাধাৰণৰ মাজত এক দায়িত্ববোধৰ অনুভূতি সৃষ্টি কৰিছে। এতিয়া সমগ্ৰ দেশজুৰি স্বচ্ছতামূলক কাম-কাজত নাগৰিকসকলে সক্ৰিয় অংশগ্ৰহণকাৰী হোৱা বাবে, এসময়ত মহাত্মা গান্ধীয়ে দেখা স্বচ্ছ ভাৰতৰ সপোনে বাস্তৱ ৰূপ লবলৈ আৰম্ভ কৰিছে।

সমাজৰ বিভিন্ন শাখাৰ মানুহ আগুৱাই আহিছে আৰু স্বচ্ছতাৰ এই বিশাল জাগৰণত অংশগ্ৰহণ কৰিছে। চৰকাৰী বিষয়াৰ পৰা জোৱানলৈ, বলিউড অভিনেতাৰ পৰা খেলুৱৈলৈ, উদ্যোগপতিৰ পৰা ধাৰ্মিক নেতাসকললৈ, সকলোৱেই এক শুভ কাৰণৰ বাবে একত্ৰিত হৈছে। ভাৰতবৰ্ষক স্বচ্ছ ৰূপে গঢ়ি তুলিবলৈ চৰকাৰী বিভাগসমূহ, বেচৰকাৰী সংস্থাসমূহ আৰু স্থানীয় সমূহীয়া কেন্দ্ৰসমূহৰ দ্বাৰা লোৱা স্বচ্ছতামূলক পদক্ষেপত সমগ্ৰ দেশজুৰি নিযুত মানুহে দিনে দিনে অংশগ্ৰহণ কৰি আহিছে। নাটক আৰু সংগীতৰ জৰিয়তে স্বাস্থ্যবিধি সম্পৰ্কে সজাগতা বিয়পোৱাৰ উদ্দেশ্যে সমগ্ৰ দেশব্যাপী বিস্তৃতভাৱে সঘনে স্বচ্ছতামূলক প্ৰচাৰ কাৰ্য চলাই থকা হৈছে। বলিউড তাৰকাৰ পৰা টেলিভিশ্যনৰ অভিনেতালৈ আগবাঢ়ি আহিছে আৰু সক্ৰিয়ভাৱে এই পদক্ষেপত অংশগ্ৰহণ কৰিছে।

অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ২০১৭ চনৰ ভিতৰত মুকলিত মলত্যাগমুক্ত অসমৰ লক্ষ্য স্থাপন কৰি লৈছে। ৰাজ্যিক স্বচ্ছ ভাৰত অভিযান গ্ৰামীণে, মুখ্যমন্ত্ৰীৰ দ্বাৰা নিৰ্ধাৰিত লক্ষ্য প্ৰাপ্তিৰ বাবে কিছুমান পৰিকল্পনা প্ৰস্তুত কৰিছে। আঁচনিখনৰ কল্পিত লক্ষ্য প্ৰাপ্তিৰ বাবে, স্বচ্ছ ভাৰত অভিযানৰ মুখ্য কাৰ্যাৱলীসমূহৰ অন্যতম হল সমূহীয়া অংশগ্ৰহণ। সমূহীয়া অংশগ্ৰহণ প্ৰক্ৰিয়াত সন্মুখীন হোৱা প্ৰধান প্ৰত্যাহ্বানসমূহৰ অন্যতম হল ৰাজ্যখনৰ প্ৰায় ২৫ লাখ পৰিয়ালক স্পৰ্শ কৰা।