মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ

সমৰ্থক কাৰ্যকলাপ

ৰাজ্যত পানী আৰু স্বাস্থ্য বিধানৰ কাৰ্যকলাপসমূহক ছফ্টৱেৰৰ সমৰ্থন দিবলৈ বিভিন্ন সমৰ্থক কাৰ্য-কলাপসমূহৰ বাবে ৯০:১০ কেন্দ্ৰীয় আৰু ৰাজ্যিক অংশভিত্তিত ৰাষ্ট্ৰীয় গ্ৰামীণ খোৱাপানী আঁচনিৰ ৫ শতাংশ ব্যৱহাৰ কৰা হয়। ইয়াত গৱেষণা আৰু উন্নয়ন কাৰ্যকলাপসমূহ, জি.আই.এছ. মেপিং, এম.আই.এছ. আৰু কম্পিউটাৰাইজেশ্যন, বিভিন্ন  IEC আৰু  HRD আদি কাৰ্যকলাপসমূহ পানী আৰু অনাময় সমৰ্থক সংস্থা  (WSSO) ব্যৱস্থাত অন্তৰ্ভুক্ত হৈ আছে।

এইদৰে সমৰ্থক নিধিসমূহ ব্যৱহৃত হয়-

  • পানী আৰু অনাময় সমৰ্থক সংস্থাৰ, ডি.ডব্লিউ.এছ.এম. পৰ্যায়ৰ উপদেষ্টাসকলৰ আৰু গৱেষণাগাৰৰ কৰ্মীসকলৰ সমৰ্থনৰ বাবে।
  • খণ্ড সম্পদ কেন্দ্ৰসমূহৰ স্থাপন আৰু সেইসমূহক সমৰ্থন।
  • সজাগতা সৃষ্টি (আই.ই.চি.) আৰু সমৰ্থন নিৰ্মাণ/প্ৰশিক্ষণ কাৰ্যকলাপসমূহ (মানৱ সম্পদ উন্নয়ন)ৰ বাবে সমৰ্থন আগবঢ়োৱা।
  • জিলা আৰু উপ-বিভাগীয় পৰ্যায়ৰ এম.আই.এছ. সমূহৰ বাবে হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ সমৰ্থন দিয়া আৰু সেৱাসমূহ আগবঢ়োৱাত অধিক দায়িত্ববোধ, সফল পৰ্যবেক্ষণ আৰু স্বচ্ছতা অনা।
  • ৰাজ্যৰ লগত সম্পৰ্কিত গৱেষণা আৰু উন্নয়নমূলক কাম-কাজসমূহ সম্পাদন কৰা।
  • গ্ৰামীণ পানী যোগান আঁচনিসমূহৰ প্ৰায়োগিক পুনৰীক্ষণ আৰু মূল্যায়ন, প্ৰকল্পসমূহ প্ৰস্তুতিৰ বাবে ৰাজ্যিক প্ৰায়োগিক সংস্থাসমূহ নিয়োগ কৰা।
  • সংহত ব্যৱস্থাপনা তথ্য ব্যৱস্থা আৰু অন্য এনে ধৰণৰ কাৰ্যকলাপসমূহ সফলভাৱে প্ৰসাৰিত কৰাৰ বাবে সমৰ্থন আগবঢ়োৱা।