মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ

নীৰ নিৰ্মল পৰিযোজনা

নলীৰে পানী যোগান ধৰা আৰু ঘৰুৱা সংযোগৰ তথ্যৰ ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰে অসম, বিহাৰ ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশ- এই চাৰিখন ৰাজ্যক গোটেই দেশৰ ভিতৰতে পিচপৰি থকা ৰাজ্য বুলি চিনাক্ত কৰিছে। খোৱা পানী আৰু অনাময় মন্ত্ৰালয় আৰু বিশ্ব বেঙ্কে একেলগে নিম্ন আয়ৰ ৰাজ্য সমূহৰ গ্ৰাম্য পানী যোগান আৰু অনাময় প্ৰকল্প ( RWSSP-LIS) ৰ উন্নতি সাধন কৰিছে; -- যিটোৰ লক্ষ্য হৈছে চিনাক্ত কৰণ কৰা ৰাজ্য সমূহৰ চিনাক্ত কৰা গ্ৰাম্যঞ্চললৈ বিকেন্দ্ৰীকৃত সেৱা প্ৰদান পদ্ধতিৰে নলীৰে পানী যোগান আৰু পয়ঃ প্ৰণালীৰ উন্নীত কৰণ।

নিম্ন আয়ৰ ৰাজ্য সমূহৰ গ্ৰাম্য পানী যোগান আৰু অনাময় প্ৰকল্প (নতুনকৈ নীৰ নিৰ্মল পৰিযোজনা বুলি নামাকৰণ কৰা হৈছে) আচঁনিখন অসম, বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশত কাৰ্য্যকৰী কৰা হৈছে।

নিম্ন আয়ৰ ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ পানী যোগানা আৰু অনাময়আচঁনিখন অসমৰ সাতখন জিলাত ২০১৩-২০২০ চনৰ সময় ছোৱাত দুটা দলত আৰম্ভ কৰা হৈছে।

দল-১

৩ খন বহু গাওঁ সন্নিবিষ্ট ডাঙৰ আচঁনি হাইলাকান্দি,যোৰহাট আৰু কামৰূপ(ম) জিলাত কাৰ্য্যকৰী কৰা হৈছে যিটোৰ মুঠ প্ৰকল্পৰ ব্যয় হ’ল ৬৭৬.০৩ কৌটি টকা।

আয়তনঃ-

জনসংখ্যাঃ ৫,৮৯,২৮৩ জন

গাওঁ পঞ্চায়তঃ ৬৩ খন

উন্নয়ন খণ্ডঃ ৭ টা

দল-২

৪ খন বহু গাওঁ সন্নিবিষ্ট ডাঙৰ আঁচনি মৰিগাওঁ, বঙাইগাওঁ, শোণিতপুৰ আৰু শিৱসাগৰ জিলাত পৰীক্ষামূলক ভাৱে ৮২২.৬৭ কৌটি টকাৰ প্ৰাক্কলনত লোৱা হব।

আয়তনঃ-

জনসংখ্যাঃ ৮,৪৩,৪৮১ জন

গাওঁ পঞ্চায়তঃ ৯৯ খন

উন্নয়ন খণ্ডঃ ৯ খন

এই প্ৰকল্পৰ লক্ষ্য হৈছে চিনাক্ত কৰণ কৰা ৰাজ্য সমূহৰ চিনাক্ত কৰা গ্ৰাম্যঞ্চললৈ বিকেন্দ্ৰীকৃত সেৱা প্ৰদান পদ্ধতিৰে নলীৰে পানী যোগান আৰু পয়ঃ প্ৰণালীৰ উন্নীত কৰণ।

এই প্ৰকল্পৰ কিছুমান উপকৰিতা এনে ধৰণৰঃ-

  • পানীৰ পৰ্য্যাপ্ততা বৃদ্ধি
  • পানী সংগ্ৰহৰ বাবে প্ৰয়োজনীয় সময়ৰ সংকোচন
  • পৰিপাৰ্শ্বিক অনাময় প্ৰণালীকে ধৰি সামূহিক অনাময় প্ৰণালীৰ উন্নত সেৱা
  • ৰোগ প্ৰাদুৰ্ভাবৰ ঘটনাৰ বিশেষকৈ ডায়েৰীয়া, মেলেৰীয়া, এনকেফেলাইটিচ আৰু ডেংগুৰোগৰ প্ৰাদুৰ্ভাৱৰ ঘটনাৰ হ্ৰাস কৰণ

 

Downloads
TitleSizeDetail
Neer Nirmal Pariyojana.pdf435.57 KBswf-image