মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ

গ্ৰামীণ স্বাস্থ্যবিধান

স্বাস্থ্যবিধান খণ্ডত, স্বচ্ছ ভাৰত অভিযান গ্ৰামীণে জনসাধাৰণৰ মাজত এক দায়িত্ববোধৰ অনুভূতি সৃষ্টি কৰিছে। এতিয়া সমগ্ৰ দেশজুৰি স্বচ্ছতামূলক কাম-কাজত নাগৰিকসকলে সক্ৰিয় অংশগ্ৰহণকাৰী হোৱাৰ বাবে এসময়ত মহাত্মা গান্ধীয়ে দেখা স্বচ্ছ ভাৰতৰ সপোন সাকাৰ ৰূপ লবলৈ আৰম্ভ কৰিছে।

সমাজৰ বিভিন্ন শাখাৰ মানুহে আগুৱাই আহিছে আৰু স্বচ্ছতাৰ এই বিশাল জাগৰণত অংশগ্ৰহণ কৰিছে। চৰকাৰী বিষয়াৰ পৰা জোৱানলৈ, বলিউড অভিনেতাৰ পৰা খেলুৱৈলৈ, উদ্যোগপতিৰ পৰা ধাৰ্মিক নেতাসকললৈ, সকলোৱেই এক শুভ কাৰণৰ বাবে একত্ৰিত হৈছে। ভাৰতবৰ্ষক স্বচ্ছ ৰূপে গঢ়ি তুলিবলৈ চৰকাৰী বিভাগসমূহ, বেচৰকাৰী সংস্থাসমূহ আৰু স্থানীয় সাম্প্ৰদায়িক কেন্দ্ৰসমূহৰ দ্বাৰা লোৱা স্বচ্ছতামূলক পদক্ষেপত সমগ্ৰ দেশজুৰি নিযুত মানুহে দিনে দিনে অংশগ্ৰহণ কৰি আহিছে। নাটক আৰু সংগীতৰ জৰিয়তে স্বাস্থ্যবিধি সম্পৰ্কে সজাগতা বিয়পোৱাৰ উদ্দেশ্যে সমগ্ৰ দেশব্যাপী বিস্তৃতভাৱে সঘনে স্বচ্ছতামূলক প্ৰচাৰ কাৰ্য চলাই থকা হৈছে। বলিউড তাৰকাৰ পৰা টেলিভিশ্যনৰ অভিনেতালৈ আগবাঢ়ি আহিছে আৰু সক্ৰিয়ভাৱে এই পদক্ষেপত অংশগ্ৰহণ কৰিছে।

অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ২০১৭ চনৰ ভিতৰত মুকলিত মলত্যাগমুক্ত অসমৰ লক্ষ্য স্থাপন কৰি লৈছে। ৰাজ্যিক স্বচ্ছ ভাৰত অভিযান গ্ৰামীণে, মুখ্যমন্ত্ৰীৰ দ্বাৰা নিৰ্ধাৰিত লক্ষ্য প্ৰাপ্তিৰ বাবে কিছুমান পৰিকল্পনা প্ৰস্তুত কৰিছে। আঁচনিখনৰ কল্পিত লক্ষ্য প্ৰাপ্তিৰ বাবে, স্বচ্ছ ভাৰত অভিযানৰ মুখ্য কাৰ্যাৱলীসমূহৰ অন্যতম হল সম্প্ৰদায়ৰ অংশগ্ৰহণ। সম্প্ৰদায়ৰ অংশগ্ৰহণ প্ৰক্ৰিয়াত সন্মুখীন হোৱা প্ৰধান প্ৰত্যাহ্বানসমূহৰ অন্যতম হল ৰাজ্যখনৰ প্ৰায় ২৫ লাখ পৰিয়ালক স্পৰ্শ কৰা।