মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ

গ্ৰাম্য পানী যোগান

১৯৫৬ চনত ৰাজহুৱা স্বাস্থ্য অভিযান্ত্ৰিক বিভাগ সৃষ্টি কৰা হৈছিল। অসমৰ গ্ৰামাঞ্চলসমূহত পৰিস্কাৰ খোৱাপানী আৰু স্বাস্থ্যজনিত সুবিধাসমূহ আগবঢ়োৱাৰ দায়িত্ব এই বিভাগটোক অৰ্পণ কৰা হৈছে।

সমগ্ৰ অসমৰে গ্ৰামীণ অঞ্চলসমূহত জনস্বাস্থ্য কাৰিকৰী বিভাগে  এই কাৰ্যসমূহ সম্পাদন কৰে-

  • দুটা কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা ফ্লেগশ্বিপ কাৰ্যক্ৰম-

    (ক) ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱা পানী কাৰ্য্যসূচী আৰু

    (খ) স্বচ্ছ ভাৰত অভিযান (গ্ৰা)

  • অনুসূচীত জাতি উপ-আঁচনি, জনজাতীয় উপ-আঁচনি, বিশেষ আঁচনি সাহায্যৰ দৰে বিভিন্ন ধৰণৰ ৰাজ্যিক চৰকাৰৰ আঁচনি।
  • বাহ্যিকভাৱে সাহায্যপ্ৰাপ্ত আঁচনি, যেনে- বিশ্ব বেঙ্কৰ সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহ।

ৰাষ্ট্ৰীয় গ্ৰামীণ খোৱাপানী কাৰ্য্যসূচী (NRDWP)

ভাৰতবৰ্ষৰ গ্ৰামীণ জনসংখ্যাক খোৱাপানী যোগান ধৰাৰ ক্ষেত্ৰত ৰাজ্যসমূহক সাহায্য দয়াৰ বাবে তেতিয়াৰ খোৱাপানী বিভাগ আৰু বৰ্তমানৰ খোৱাপানী আৰু স্বাস্থ্যবিধান মন্ত্ৰালয়ৰ দ্বাৰা ২০০৯ চনৰ এপ্ৰিল মাহত এই আঁচনিখনৰ সূচনা কৰা হৈছিল। এই আঁচনিখনে গাৰ্হস্থ্য পৰ্যায়ত বহনক্ষম খোৱাপানী উপলভ্যতা, সুবিধাজনক বিতৰণ ব্যৱস্থা আৰু পানীৰ নিৰাপত্তা প্ৰাপ্তি সুনিশ্চিত কৰাৰ বাবে, গ্ৰামীণ পৰ্যায়ত, সম্প্ৰদায়ৰ দ্বাৰা পৰিকল্পিত আৰু ব্যৱস্থাপিত, পানী যোগানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱা পানী কাৰ্য্যসূচী (২০০৯ৰ এপ্ৰিলত পুনৰ নামাংকিত)ৰ মুখ্য উপাদানসমূহ-

  • আঁচনিৰ কাৰ্যকলাপসমূহ
  • সমৰ্থক কাৰ্যকলাপসমূহ
  • পানীৰ গুণাগুণ পৰ্যবেক্ষণ

ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী যোগান কাৰ্য্যসূচীআঁচনিৰ কৰ্মসমূহ এনেকৈ ভাগ ভাগ কৰিব পাৰি-

  • আংশিক জনবসতিপূৰ্ণ, স্খলিত হোৱা জনবসতি, বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহ আৱৰি লোৱা
  • গুণমানত অঘটন হোৱা অঞ্চল আৱৰি লোৱা
  • অভিযান আৰু প্ৰতিপালন
  • বহনক্ষম সঁজুলি